চাইবাৰ উত্‍পীড়ন হৈছে ভয়-সঞ্চাৰ কৰা অনলাইন আচৰণ, য’ত আপোনাক অনলাইন ৰাজহুৱা প্লেটফৰ্মত ভাবুকি, অপমানজনক, লজ্জাজনক আৰু হাৰাশাস্তিমূলক পোষ্ট বা কাৰ্য্যৰ দ্বাৰা লক্ষ্য কৰি ল’ব পাৰে।

ইলেক্ট্ৰনিক প্ৰযুক্তিৰ জৰিয়তে এনে কাৰ্য্য সম্পন্ন কৰিব পাৰে য’ত চেল ফোন, কম্পিউটাৰ, আৰু টেবলেটৰ দৰে ডিভাইচ আৰু সঁজুলিৰ লগতে ইণ্টাৰনেটত ছ’চিয়েল মিডিয়া চাইট, টেক্সট মেছেজ, ই-মেইল, ছাট ৰুম, আলোচনা গোট আৰু ৱেবছাইটকে ধৰি যোগাযোগ সঁজুলিও অন্তৰ্ভুক্ত হয়।

চাইবাৰ উত্‍পীড়নৰ উদাহৰণ হ টেক্সট মেছেজ বা ইমেইল, ইমেইলৰ দ্বাৰা প্ৰেৰণ কৰা বা ছ'চিয়েল নেটৱৰ্কিং চাইটত পোষ্ট কৰা উৰাবাতৰি, আৰু লজ্জাজনক ছবি, ভিডিঅ' প্ৰেৰণ কৰা, ৱেবছাইট বা ভুৱা প্ৰফাইল।

আমি কিয় চিন্তিত হোৱা উচিত? 

চাইবাৰ উত্‍পীড়নৰ কাৰ্য্যই শিশু এটিক আৱেগিকভাৱে আঘাত কৰাই নহয়, অনলাইন আৰু অফলাইনত গোটত লক্ষ্য কৰি লোৱাৰ প্ৰৱণতা থাকে যাৰ ফলত সামাজিক নিঃসংগতা, হাৰাশাস্তি, মানসিক চাপৰ সৃষ্টি হয় যাৰ ফলত আনকি আত্মহত্যাৰ চেষ্টাও কৰিব পাৰে।

শিশু এটি বলি হোৱা বুলি বুজাবলৈ কিছুমান সূচক/ সতৰ্কৰ লক্ষণ

  • বাৰেবাৰে স্বাস্থ্যজনিত সমস্যা হোৱাআৰু ভালদৰে খাদ্য গ্ৰহণ নকৰা
  • স্কুল বা কলেজ এৰাই চলা আৰু নিজকে নিঃসংগ কৰিতোলা
  • নিজকেহতাশ, দুখী, চিন্তিত, উত্তেজিতকৰি তোলা
  • যিকোনো কাম কৰিবলৈ আগ্ৰহ হেৰুৱাই পেলোৱা।